Skip to main content
Author

তোমালোকৰ দুখ তোমালোকৰ

তোমালোকৰ দুখৰ শিপাবোৰ তোমালোকৰ

তোমালোকৰ দুখৰ মাটিবৰ তোমালোকৰ
তোমালোকৰ দুখৰ বাবে

ৰ'দবোৰ বৰষুণৰ বতাহবোৰ

তোমালোকৰ

এটা চৰাই মোৰ গীতকো

তোমালোকৰ দুখৰ বন্ধু হ'বলৈ উৰুৱাই দিওঁ

সিও হোক

তোমালোকৰ

ক'লা পাত্ৰটোত যিসকলে পান কৰিলা

যিসকলে পান কৰিলা বনৰীয়া গছৰ ফলৰ তিতা ৰস

ৰাত্ৰিৰ পাত্ৰটোত-

বগা পাত্ৰটোত যিসকলে পান কৰিলা

যিসকলে পান কৰিলা বনৰীয়া গছৰ ফলৰ তিতা ৰস

দিনৰ পাত্ৰটোত-

স্থিৰ দৃষ্টিৰে সেইসকলে চাই ৰোৱা

ক'লা পাত্ৰটোৰ ভিতৰলৈ

বগা পাত্ৰটোৰ ভিতৰলৈ

ভীত নহবাঁ

ক্লান্ত নহবাঁ

হতাশ নহবাঁ

তোমালোকৰ তিক্ত শূন্যতাত

তোমালোক নিঃস্ব নোহোৱা

তোমালোকৰ দুখ তোমালোকৰ

শিপাৰোৰ মাটিবোৰ

ৰ'দবোৰ বৰষুণবোৰ বতাহবোৰ

সকলো তোমালোকৰ

তোমালোকৰ দুখৰ ডালত বহি

তোমালোকৰ দুখৰ পাতবোৰৰ মাজৰপৰা

চৰাইটোৱে শুনাই ৰকঃ

তোমালোক নিঃস্ব নোহোৱা

তোমালোক নিঃস্ব নোহোৱা

Rate this poem
No votes yet
Reviews
No reviews yet.